ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কৈলাশ মানসৰোৱৰ যাত্ৰাৰ বাবে প্ৰথমটো তীর্থযাত্ৰীৰ দল কাইলৈ গেংটকত উপস্থিত হ’ব

কৈলাশ মানসৰোৱৰ যাত্ৰাৰ বাবে প্ৰথমটো তীর্থযাত্ৰীৰ দল কাইলৈ গেংটকত উপস্থিত হব। তীর্থযাত্ৰীসকলক আদৰিবৰ বাবে চিকিম চৰকাৰে সকলো ব্যৱস্থা গ্রহণ কৰিছে। উল্লেখযোগ্য, যে পাঁচ বছৰৰ ব্যৱধানৰ অন্তত অহা ২০ জুনত এই কৈলাশ মানসৰোৱৰ যাত্ৰা আৰম্ভ হব । পৰ্যটন আৰু অসামৰিক বিমাণ পৰিৱহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব চি এছ ৰাৱে আকাশবাণীৰ সংবাদদাতাক কয়, যে চৰকাৰী বিষয়াৰ সৈতে ৩৫ জন যাত্ৰীৰ সৈতে গঠিত প্ৰথমটো তীর্থযাত্ৰীৰ দল কাইলৈ আহি পাব। দলটোৱে চাৰিদিনৰ বাবে ১৫ মাইল আৰু শ্বেৰাথাঙত থাকিব।

এই সময়ছোৱাত জ্যেষ্ঠ প্ৰতিৰক্ষা আৰু চৰকাৰী বিষয়াসকলে দলটোৰ তীর্থযাত্ৰীসকলৰ সৈতে কথা পাতিব। অহা ২০ জুনত মুখ্যমন্ত্রী প্রেম সিং টামাঙে নাথু লাত যাত্ৰা মুকলি কৰিব। শ্ৰী ৰাও এ কয়,যে যাত্ৰাৰ সময়ছোৱাত তীর্থযাত্রীসকলে চিকিৎসা আৰু অন্যান্য সকলো সা সুবিধা লাভ কৰিব। এই প্ৰক্ৰিয়াত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থা জড়িত হৈ আছে বুলিও তেওঁ লগতে কয়। এই যাত্রা সম্পূৰ্ণ কৰিবলৈ প্ৰতিটো দলক ১১ ৰ পৰা ১২ দিন পর্যন্ত সময় লাগিব। এই বছৰ নাথু লা হৈ কৈলাশ মানসৰোৱৰ যাত্ৰাৰ বাবে মুঠ ১০ টা দলে তীর্থযাত্ৰাত অংশগ্ৰহণ কৰিব।