কাছাৰ জিলাৰ ফুলেৰতালত কুঁৱাত পৰি তিনিজন লোকৰ মৃত্যু

কাছাৰ জিলাৰ ফুলেৰতালত কুঁৱাত আবদ্ধ হৈ মৃত্যু হোৱা তিনিজন লোকৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। মৃত লোক কেইজন মনজিত দেৱ, প্রসেনজিত দেৱ আৰু অমিত সেন বুলি চিনাক্ত কৰা হৈছে। কুঁৱাটোত পৰি যোৱা এটা কুকুৰাক উদ্ধাৰ কৰিবলৈ যাওঁতে এই ঘটনাটো সংঘটিত হয়। এন ডি আৰ এফ আৰু এছ ডি আৰ এফে অভিযান চলাই লোক তিনিজনক উদ্ধাৰ কৰাৰ পাছত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। কুঁৱাৰ ভিতৰত অক্সিজেনৰ মাত্রা কম হোৱাৰ ফলত তিনিওজন লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।