কাছাৰৰ কালাইন সিন্দূৰা বনভোজথলীত পাহাৰৰ পৰা বৈ অহা নৈত পৰি এজন যুৱকৰ মৃত্যু, এজন সন্ধানহীন

কাছাৰৰ কালাইন সিন্দূৰা বনভোজথলীত পাহাৰৰ পৰা বৈ অহা নৈৰ পানীত পৰি এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন যুৱক সন্ধানহীন হৈ আছে। জানিব পৰা মতে বদৰপুৰ আৰু ভাংগাৰ পৰা ৭ জন বন্ধু সিন্দূৰা বনভোজথলীলৈ আহিছিল। নৈত গা ধুবলৈ গৈ বদৰপুৰৰ বিশাল ঘোষ আৰু সৌভিক সৰকাৰ নামৰ দুজন যুৱক নিখোজ হৈ পৰে। দুয়োজন যুৱক নিখোজ হোৱাৰ পাছতে বনভোজথলীত স্থানীয় লোকৰ তৎপৰতাত বিশাল ঘোষৰ মৃতদেহ উদ্ধাৰ কৰা হয়। সন্ধানহীন সৌভিক সৰকাৰক বিচাৰি ঘটনাস্থলীত এছ ডি আৰ এফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।