ৰাজ্য চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে। কাছাৰ আৰক্ষীয়ে কালি ধলাইত অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ লগতে দুজন মাদকদ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা মাদকদ্ৰব্যৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই অভিযানত সোণাৰি বিধানসভা সমষ্টিত ২০২৪-২৫ বৰ্ষত ১ কোটি ২৮ লাখৰো অধিক টকা মূল্যৰ মাদকদ্রব্য জব্দ কৰা হয়। এই সময়ছোৱাত এন ডি পি এছ আইনৰ অধীনত ২১ টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে ৪২ জন লোকক আটক কৰা হয়।
Site Admin | August 12, 2025 12:44 PM | kachar drugs arrest
কাছাৰৰ ধলাইত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ