ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 5, 2025 8:08 PM | Kachar

printer

কাছাৰৰ দুটা স্থানত প্ৰায় ৭ কোটি টকাৰ মাদকদ্ৰব্য উদ্ধাৰ

কাছাৰ জিলা আৰক্ষীয়ে চোৰাংচোৱা সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই জিলাখনৰ দুটা স্থানত প্ৰায় ৭ কোটি টকাৰ মাদকদ্ৰব্য উদ্ধাৰ কৰাৰ লগতে ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। শিলচৰ থানাৰ অন্তৰ্গত সোণাবাৰীঘাট অঞ্চলত চলোৱা প্ৰথমটো অভিযানত আৰক্ষীয়ে ১৮ টা চাবোনৰ বাকচত সৰবৰাহকাৰীয়ে লুকুৱাই ৰখা প্ৰায় ২১৬ গ্ৰাম হেৰ’ইন জব্দ কৰে। লক্ষীপুৰ থানাৰ অন্তৰ্গত মাৰ্খুলিন অঞ্চলত চলোৱা দ্বিতীয়টো অভিযানত ২০ হাজাৰটা নিচাযুক্ত টেবলেট জব্দ কৰা হয়। এই অভিযান কালত আৰক্ষীয়ে দুখন বাহনো জব্দ কৰে। ঘটনা সংক্ৰান্তত ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দুয়োটা গোচৰৰ তদন্ত প্ৰক্ৰিয়া চলি আছে বুলি কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই প্ৰকাশ কৰিছে।

ধুবুৰী আৰক্ষীয়ে আজি পুৱতি নিশা অভিযান চলাই খলিচামাৰী চৰৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য উদ্ধাৰ কৰাৰ লগতে উদ্ধাৰ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে এই অভিযানত পাঁচটা চাবোনৰ বাকচত ব্ৰাউন ছুগাৰ আৰু অন্যান্য বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।