October 17, 2025 8:10 PM | Jyotiraditya Scindia

printer

উত্তৰ পূৰ্বাঞ্চল দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে বুলি জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্ৰকাশ

কেন্দ্রীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই উত্তৰ পূৰ্বাঞ্চল দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে বুলি প্রকাশ কৰিছে। তেওঁৰ মন্ত্ৰালয়ৰ এবছৰীয়া সফলতাৰ বিষয়ে আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীসিন্ধিয়াই কয় যে যোৱা ১১টা বছৰত উত্তৰ পূৰ্বাঞ্চলৰ সাম্যক আন্তঃৰাষ্ট্ৰীয় পর্যায়ত উপস্থাপন কৰা বাবে চৰকাৰে অবিৰতভাবে কাম কৰি আহিছে। তেওঁ কয় যে এই সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলত বিমান বন্দৰৰ সংখ্যা পূৰ্বৰ ৯টাৰ পৰা ১৭টালৈ বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য পূৰ্বৰ ১০ হাজাৰ কিলোমিটাৰৰ পৰা বৰ্তমান ১৬ হাজাৰলৈ বৃদ্ধি হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলত বিনিয়োগ আৰু উন্নয়নৰ সম্ভাৱনীয়তাক অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে যোৱা মে’ মাহত অনুষ্ঠিত উত্তৰ পূব সম্মিলনত অঞ্চলটোত ৪ লাখ ৪৮ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা অষ্টলক্ষ্মী দর্শন কাৰ্যসূচীৰ অধীনত সমগ্ৰ দেশৰ ৩ হাজাৰ ২০০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে অধ্যয়ন কৰাৰ বাবে অঞ্চলটো ভ্রমণ কৰিব।