২৯ ডিচেম্বৰত মুকলি হ’ব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয়; চূড়ান্ত পৰ্যায়ৰ কাম-কাজ পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গুৱাহাটীৰ খানাপাৰাত অহা ২৯ ডিচেম্বৰত উদ্বোধন কৰিবলগীয়া নৱনিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয় ভৱন নিৰ্মাণৰ চূড়ান্ত পৰ্যায়ৰ কাম-কাজ কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে দুয়োটা স্থান পৰিদৰ্শন কৰি উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিও পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে পাঁচ হাজাৰখন আসনযুক্ত জ্যোতি বিষ্ণু প্রেক্ষাগৃহ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ’ব। প্ৰেক্ষাগৃহটোত সন্মিলন ভৱন, বহুখলপীয়া গাড়ী ৰখা স্থান, উদ্যান, ফুড কর্ট ইত্যাদিও থাকিব। আনহাতে, আৰক্ষী আয়ুক্তালয়ৰ নৱনিৰ্মিত আঠমহলীয়া ভৱনটো উন্নত প্রযুক্তিৰে সজ্জিত কৰা হৈছে। ইয়াত অন্যান্য সা-সুবিধাৰ লগতে গুৱাহাটী স্মার্ট চিটী প্ৰকল্পৰ জৰিয়তে নির্মিত মহানগৰীৰ চি চি টি ভি নিৰীক্ষণৰ সংহত নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা কেন্দ্ৰ থাকিব। ভৱনটোৰ চতুর্থ মহলত থকা এই কেন্দ্ৰটো গৃহমন্ত্ৰীগৰাকীয়ে ২৯ ডিচেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰিব। নৱনিৰ্মিত আৰক্ষী আয়ুক্তালয় চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয়, যে এই আয়ুক্তালয় উদ্বোধনৰ পাছত নতুন ফৌজদাৰী আইন ৰূপায়ণৰ দিশত অসমে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আয়োজন কৰা এখন প্ৰদৰ্শনীও গৃহমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব। উল্লেখযোগ্য যে এই আইন ৰূপায়ণৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীর্ষ স্থানত থকা কথাটোক লৈ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও শেহতীয়া অসম ভ্ৰমণত সন্তুষ্টি প্ৰকাশ কৰিছিল। অসম আৰক্ষীয়ে এইক্ষেত্ৰত লাভ কৰা সফলতাসমূহ কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীক অৱগত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।