জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি গোচৰটোৰ প্ৰথমটো শুনানি গ্রহণ কৰা হয়। শুনানিৰ সময়ত গোচৰটোৰ ৭ জন অভিযুক্তক কাৰাগাৰৰ পৰা ভিডিঅ‘ কনফাৰেন্সৰ জৰিয়তে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক বাক্সাৰ নিকাচি কাৰাগাৰৰ পৰা আৰু অমৃতপ্রভা মহন্ত, শেখবজ্যোতি গোস্বামীক হাফলং উপ কাৰাগাৰৰ পৰা শুনানিৰ সময়ত আদালতৰ সৈতে সংযুক্ত কৰা হয়। গোচৰটোৰ শুনানি গ্রহণ কৰি আদালতে অহা ২২ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰে। আদালতৰ নিৰ্দেশ অনুসৰি শুনানিৰ পূৰ্বে অপৰাধ অনুসন্ধানকাৰী এটা দলে ৭ জন অভিযুক্তক কাৰাগাৰাৰ কৰ্তৃপক্ষৰ জৰিয়তে অভিযোগনামাৰ প্ৰতিলিপি প্রদান কৰে। একেদৰে অভিযুক্তসকলৰ পৰিয়ালকো পেনড্রাইভৰ জৰিয়তে অভিযোগনামাসহ অন্যান্য সংলগ্ন নথি পত্ৰ প্ৰদান কৰা হয়। আজিৰ শুনানিত অভিযুক্তসকলৰ হৈ জিলা আইনী সেৱা প্ৰাধিকাৰীৰ অধিবক্তা ধ্রুবজ্যোতি দাসে প্রতিনিধিত্ব কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত ক্ষুব্ধ হৈ অধিবক্তাসকলে অভিযুক্তসকলৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত আদালতে নিয়ম অনুসৰি অভিযুক্তৰ অধিবক্তা হিচাপে জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধিবক্তা নিয়োগৰ নিৰ্দেশ দিয়ে।
ইপিনে, অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্রসাদ বৈশ্যই আজি জনতাৰ শিল্পী জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ বাবে ৰাজ্যসভাত দাবী উত্থাপন কৰে। অসম গণ পৰিষদ তথা অসমবাসীৰ হৈ এই দাবী উত্থাপন কৰি সাংসদগৰাকীয়ে কয়, যে জুবিন গার্গে অসমীয়া ভাষাৰ উপৰি তামিল, তেলেগু, মালায়ালম, হিন্দী আদি ভাষাত গীত গাইছিল। সমান্তৰালভাৱে তেওঁ আর্তজনক বিভিন্ন সময়ত নিজৰ গাঁথিৰ ধন ভাঙি সহায় কৰি আহিছিল। পৰিবেশ সুৰক্ষাৰ হকে মাত মাতি অহা শিল্পীগৰাকী প্ৰকৃতিৰ বন্ধু আছিল বুলিও সাংসদগৰাকীয়ে কয়। জুবিন গাৰ্গৰ মৃত্যুত দেশে এজন সুযোগ্য সন্তান হেৰুওৱা বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰাৰ বাবে আহ্বান জনায়।