জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে এছ আই টিৰ বৈঠক

 জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে আজি ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে কিছু সময় পূর্বে বৈঠকত মিলিত হয়। বৈঠকত ডাঃ শুভ্রকিংকৰ গোস্বামী, সঞ্জীৱ ফুকন, অতনু ভূঞা, প্রাঞ্জল শইকীয়া, ডাঃ হিতেশ বৰুৱা আৰু শিৱাণু বৰা উপস্থিত আছিল। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আটাইকেইগৰাকী ব্যক্তিয়ে কয়, যে এছ আই টিয়ে তেওঁলোকক তদন্ত প্রক্রিয়া অগ্রগতি সম্পর্কে অৱগত কৰে যদিও মৰণোত্তৰ পৰীক্ষা বা তেনে কোনোধৰণৰ গোপনীয় তথ্য তেওঁলোকক প্ৰদান কৰা নাই। ছিংগাপুৰতো সমান্তৰালভাৱে এই ঘটনাৰ তদন্ত চলি থকা বুলি এছ আই টিয়ে অৱগত কৰাৰ কথা তেওঁলোকে উল্লেখ কৰে। ৯০ দিনৰ ভিতৰত এই গোচৰৰ অভিযোগনামা দাখিল কৰা হব বুলি তেওঁলোকে প্রকাশ কৰে। উল্লেখযোগ্য যে ১৩ গৰাকী ব্যক্তিক আলোচনাৰ বাবে আমন্ত্রণ জনাইছিল যদিও ৭ গৰাকী ব্যক্তিয়ে আমন্ত্রণ অস্বীকাৰ কৰি বৈঠকত উপস্থিত থাকিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে। সদৌ অসম ছাত্র সন্থাইও এই আলোচনাত অংশ নলয় বুলি ঘোষণা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।