জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ চাৰিজন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি নিশা ফে’চবুক লাইভযোগে এই কথা প্ৰকাশ কৰি কয়, যে ভাষ্য দিবলৈ নহাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব। তেওঁ ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলক স্ব-ইচ্ছাৰে আহি ভাষ্য দি আইনী প্রক্রিয়া সম্পূৰ্ণ কৰাত সহযোগ আগবঢ়াবলৈ আহ্বান জনায়। ড° শৰ্মাই কেন্দ্ৰীয় ফৰেণচিক বিজ্ঞান গবেষণাগাৰে জুবিন গাৰ্গৰ ভিছেৰা প্ৰতিবেদন দিয়াৰ পাছত এছ আই টিয়ে তদন্তৰ নির্দিষ্ট গতি লাভ কৰিছে বুলি উল্লেখ কৰি কম দিনৰ ভিতৰতে আদালতত সকলো কথা প্রকাশ কৰা হ’ব বুলি উল্লেখ কৰে। এই ঘটনাৰ তদন্তক লৈ অসম চৰকাৰ, যিদৰে সক্ৰিয় হৈ আছে, সেইদৰে ছিংগাপুৰ আৰক্ষীয়েও সক্রিয়ভাবে তদন্ত চলাই আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
ইপিনে, এছ আই টিয়ে জুবিন গাৰ্গৰ সৈতে প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত বিভিন্নজনক সোধাপোছা কৰি ভাষ্য গ্রহণ কৰিছে। বিশেষ তদন্তকাৰী গোটে কালি অৰুণ গাৰ্গৰ ভাষ্য গ্রহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মাকে ধৰি সাতোজনৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ শীঘ্ৰে অন্ত পৰিব। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ লগে লগে আটাইকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ব।
জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌ অসম ছাত্ৰসন্থাই ৰাজ্যজুৰি কাইলৈ আৰু অহা ১৯ আৰু ২৩ অক্টোবৰত বিশেষ কাৰ্যসূচীৰ আহ্বান জনাইছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত কালি জিলা কংগ্রেছে শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত মমশিখা সমদল উলিয়ায়।