জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাত আজি ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হয়। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মুকলি কৰা বিনিময় প্রথাৰ হাটত পাহাৰৰ মামা-মামীসকলে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্রী আদান-প্রদান কৰে। ইয়াৰ পাছতে জোনবিলৰ পাৰত পৰম্পৰাগত কুকুৰা যুঁজ আৰু সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হয়। গোভা ৰজা দীপসিং দেওৰজাই সমূহীয়া মাছ ধৰা পৰ্ব মুকলি কৰে। এই মেলাৰ সৈতে সংগতি ৰাখি তিৱা আৰু অসমীয়া ভাষাৰ কবি সম্মিলন, বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হৈছে।
কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাত আজি মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজ দৰবাৰত ২২ গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত মন্ত্রী পীযূষ হাজৰিকাই তিবা ৰজাসকলক ৰাজভাট্টা প্রদান কৰে।