ৰাজ্য চৰকাৰে ঝুমুইৰ নৃত্যক বিশ্ব দৰবাৰত বিশেষ পৰিচয় প্ৰদান কৰাৰ উদ্দেশ্যেৰে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ঝুমুইৰ বিনন্দিনী শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিবলৈ লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিচৰা কামৰূপ জিলাৰ কমলপুৰ আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝুমুইৰ শিল্পীসকলৰ বাবে অহা ২০ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ সমষ্টি দুটাৰ অধীনত সমষ্টি পৰ্যায়ৰ নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছে। কমলপুৰ বিধানসভা সমষ্টিৰ বাবে মান্দাকাটা দুৰ্গা মন্দিৰ প্ৰাংগণত আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ বাবে ৰজাপাৰাৰ কলঘৰ সমূহীয়া প্ৰেক্ষাগৃহত সুকীয়া সুকীয়াকৈ এই কৰ্মশালা পাতিবলৈ লোৱা হৈছে। আগ্রহী শিল্পীসকলক কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
Site Admin | January 18, 2025 7:57 PM | Jumurai
অহা ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত ঝুমুইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠান
