ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ সন্দেহজনক তথ্য পোৱা নাই বুলি ছিংগাপুৰ আৰক্ষীৰ আনুষ্ঠানিক বিবৃতি প্রকাশ

ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ সন্দেহজনক তথ্য পোৱা নাই বুলি আনুষ্ঠানিক বিবৃতি প্রকাশ কৰিছে। ছিংগাপুৰ আৰক্ষীয়ে দেশখনৰ আইন অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্ত সম্পূৰ্ণ কৰিবলৈ আৰক্ষীক আৰু তিনি মাহৰ প্ৰয়োজন হব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। ছিংগাপুৰ আৰক্ষীয়ে তদন্তত লাভ কৰা তথ্য দেশখনৰ এগৰাকী উচ্চ পদস্থ ন্যায়িক বিষয়াক অর্পণ কৰিব আৰু তেওঁ সন্দেহজনক তথ্য লাভ কৰিলে প্রয়োজন সাপেক্ষে পৰৱৰ্তী তদন্ত আগবঢ়াব। ছিংগাপুৰ চৰকাৰে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ চি আই ডিৰ মুৰববীসহ দুজন বিষয়াক দেশখনলৈ যোৱাৰ বাবে অনুমতি দিছে। অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰু অসম আৰক্ষীৰ মাজত হবলগীয়া বৈঠকত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অধিক স্পষ্ট তথ্য লাভ কৰিব পৰা যাব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে।

ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত গঠন কৰা এজনীয়া ন্যায়িক আয়োগে এই ঘটনা সম্পৰ্কত তথ্য সংগ্ৰহৰ বাবে ৰাজহুৱা জাননী জাৰি কৰিছে। সেই অনুসৰি এই ঘটনা সন্দৰ্ভত কোনো লোকৰ হাতত কোনো তথ্য থাকিলে তেওঁলোকে শপতনামাৰ জৰিয়তে এই তথ্য আয়োগক জনাব পাৰিব। গুৱাহাটীৰ চানমাৰিৰ খাদী আৰু গ্ৰাম্যোদ্যোগ পৰিষদৰ কাৰ্যালয়ত থকা আয়োগৰ কাৰ্যালয়ত অহা ৩ৰ পৰা ২১ নৱেম্বৰৰ ভিতৰত এনে তথ্য সম্বলিত শপতনামা দাখিল কৰিব পৰা যাব বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।