December 11, 2025 12:02 PM | Jubin garg

printer

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত অভিযোগনামা দাখিল

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত অভিযোগনামা দাখিল কৰিব। অভিযোগনামা দাখিলব নির্ধাৰিত সময়সীমা ১৮ ডিচেম্বৰত উকলি যাব যদিও ছদিন পূর্বেই অভিযোগনামা দাখিল কৰা হ’ব। বিশেষ তদন্তকাৰী গোটৰ মুৰব্ববী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই ইতিমধ্যে কাইলৈ অভিযোগনামা দাখিল কৰা হ’ব বুলি আনুষ্ঠানিকভাবে প্রকাশ কৰিছে। বিষয়াগৰাকীয়ে সদবি কৰা মতে তদন্ত প্রক্রিয়া প্রায় শেষ পর্যায়ত উপনীত হৈছে আৰু এতিয়ালৈ তিনি শতাধিক লোকৰ ভাষ্য গ্রহণ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দর্ভত চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰটোৰহে অভিযোগনামা আদালতত দাখিল কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। এই ঘটনা সন্দর্ভত ৰুজু হোৱা ১৯/২০২৫ নম্বৰৰ দ্বিতীয়টো গোচৰৰ তদন্ত অব্যাহত থাকিব বুলি শ্রীগুপ্তাই প্রকাশ কৰিছে। তেওঁ কয়, যে ছিংগাপুৰত নর্থ-ইষ্ট ফেস্টিভেলৰ আয়োজন কৰা শ্যামকানু মহন্তৰ বিত্তীয় অনিয়মব অভিযোগ সন্দর্ভত সম্পূর্ণ পৃথককৈ তদন্ত কৰা হৈছে আৰু ইয়াৰ সৈতে মৃত্যুৰ গোচৰটোৰ সম্পর্ক নাই।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।