November 20, 2025 12:13 PM | Jubin garag

printer

গীত-মাতে তিনিশতাধিক শিল্পীৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

অগণন অনুৰাগীক শোকস্তব্ধ কৰি কায়িকভাৱে আতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যোৱা নিশা ৰাজ্যখনৰ প্রায় ৩০০ গৰাকী শিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্ৰতিষ্ঠানৰ খেলপথাৰত গীতেৰে স্মৰণ কৰে। কেইবাগৰাকীও ন-পুৰণি শিল্পীয়ে শ্রীশ্রীমাধৱদেৱ বিৰচিত এটি বৰগীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। এই গীতটি জুবিন গাৰ্গৰ কণ্ঠত পূর্বে বাণীবদ্ধ কৰা হৈছিল। এই সুৰীয়া শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংগৰাগ পাপন মহন্তকে ধৰি ২০০তকৈ অধিক কণ্ঠশিল্পী আৰু ৭০ গৰাকীৰো অধিক বাদ্যযন্ত্রীয়ে ৮ গৰাকী সংগীত পৰিচালকৰ তত্বাৱধানত জুবিন গাৰ্গৰ দুকুৰি গীত পৰিবেশন কৰে।

অনুষ্ঠানটোত অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ একালৰ সহযোগী বহু শিল্পীয়ে প্রয়াত শিল্পীগৰাকীক স্মৰণ কৰাৰ লগতে ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত শীঘ্রেই ন্যায় প্ৰদানৰ দাবী জনায়। জুবিন গাৰ্গৰ দীর্ঘদিনৰ সহযোগী দিগন্ত ভাৰতীয়ে জনতাৰ প্ৰাণৰ শিল্পীগৰাকীৰ কৰ্মৰাজিৰ সংৰক্ষণ কৰাৰ লগতে এইসমূহক লৈ গৱেষণা কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে।

ইপিনে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে এই পর্যন্ত ১৬০ জন লোকৰ ভাষ্য গ্রহণ কৰিছে। এছ আই টিয়ে তদন্ত প্রক্রিয়া চলাই নিয়াৰ সমান্তৰালকৈ প্ৰতিদিনে বিভিন্নজন ব্যক্তিৰ সাক্ষ্য লৈ আছে। এছ আই টিত ভাষ্যগ্ৰহণ কৰাৰ সমান্তৰালকৈ গোচৰটো সন্দৰ্ভত আদালতত সাক্ষ্য গ্রহণ প্রক্রিয়াও চলি আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত গঠিত ন্যায়িক আয়োগত ইতিমধ্যে বহুকেইগৰাকী সমাজকর্মী, সাংবাদিককে ধৰি বিশিষ্ট ব্যক্তিয়ে সাক্ষ্য দিছে। প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ইতিমধ্যে দুমাহ পাৰ হোৱাত শিল্পীগৰাকীক শীঘ্রেই ন্যায় প্ৰদানৰ বাবে অনুৰাগীসকলেও প্রতিবাদ অব্যাহত ৰাখিছে।