ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 12, 2025 12:37 PM | SIT

printer

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কমেও ১৪০ জন লোকৰ সাক্ষ্য গ্রহণ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত ক্ষিপ্র গতিত চলি আছে আৰু এতিয়ালৈকে কমেও ১৪০ জন লোকৰ সাক্ষ্য গ্রহণ কৰা হৈছে। এই ঘটনাৰ অনুসন্ধান চলাই থকা বিশেষ তদন্তকাৰী গোটৰ মুৰববী মুন্না প্রসাদ গুপ্তাই এই বিষয়ে প্রকাশ কৰিছে। তেওঁ কয়, যে মুম্বাই আৰু ছিংগাপুৰৰ পৰাও আৰক্ষীয়ে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিছে।

উল্লেখযোগ্য যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৮ ডিচেম্বৰত এই ঘটনাৰ অভিযোগনামা দাখিল কৰা হব বুলি ইতিপূর্বে প্রকাশ কৰিছে। তেওঁ লগতে এই ঘটনাত জড়িতসকলক কোনো কাৰণতে ৰেহাই দিয়া নহব বুলিও স্পষ্ট কৰি দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।