ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 24, 2025 12:23 PM | Jubin garg

printer

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ বাবে কামৰূপ জিলা দণ্ডাধীশৰ কেতবোৰ নিৰ্দেশনা জাৰি

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ পৱিত্ৰতা ৰক্ষাৰ বাবে কামৰূপ জিলা দণ্ডাধীশে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। বিভিন্ন পক্ষ আৰু স্থানীয় ৰাইজৰ সৈতে আলোচনাৰ পাছত জাৰি কৰা নির্দেশনা অনুসৰি জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিত থকা সমাধিস্থলীত দৈনিক পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে দর্শনার্থীয়ে প্রবেশ কৰি প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। এই নির্ধাৰিত সময়ৰ বাহিৰে আন সময়ত কোনো লোকে সমাধিক্ষেত্রত প্ৰৱেশ কৰিব নোৱাৰিব। একেদৰে সুৰাসক্ত বা নিচাগ্রস্ত লোকে সমাধিক্ষেত্ৰৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। সমাধিক্ষেত্ৰৰ আশে-পাশে সুৰা সেৱন আৰু বিতৰণৰ ক্ষেত্ৰতো কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে।