জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰববী মুন্না প্রসাদ গুপ্তা আৰু আই পি এছ বিষয়া তৰুণ গোৱেলে দেশখনত তদন্ত অব্যাহত ৰাখিছে। তেওঁলোকে কালি ছিংগাপুৰত কেইবাগৰাকীও প্রবাসী অসমীয়াৰ ভাষ্য গ্রহণ কৰাৰ লগতে শিল্পীগৰাকী অসুস্থ হৈ পৰা সমুদ্ৰৰ সেই বিশেষ স্থান পৰিদৰ্শন কৰে। দুয়োগৰাকী আৰক্ষী বিষয়াই ছিংগাপুৰ আৰক্ষীৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিছে। ছিংগাপুৰ আৰক্ষীয়ে এই তদন্তত সম্পূর্ণরূপে সহযোগিতা আগবঢ়াই আছে। ইপিনে, এছ আই টিয়ে কালি গুৱাহাটীৰ উলুবাৰীস্থিত কার্যালয়ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ সৈতে ঘনিষ্ঠ এগৰাকী যুৱতী, শিল্পীগৰাকীৰ বাদ্যযন্ত্রী দীপকেশ বৰগোহাঁই আৰু ঋষভ ভূঞাৰ সাক্ষ্য গ্রহণ কৰে। এই ঘটনাৰ তদন্ত প্রক্রিয়া নিয়াৰিকৈ চলি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই ঘটনাক লৈ একাংশ লোকে ৰাজনীতি কৰি থকাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগৰ ঘটনাক এচাম লোকে ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অপচেষ্টা চলাইছে। এইধৰণৰ চেষ্টা মষিমূৰ কৰা হ‘ব বুলি তেওঁ মন্তব্য কৰে।
ইপিনে, শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি বিভিন্ন দল সংগঠনে প্রতিবাদ অব্যাহত ৰখাৰ মাজতে শাসকীয় বিজেপিয়ে নলবাৰীৰ পৰা ন্যায় যাত্ৰা আৰম্ভ কৰিছে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্রী জয়ন্ত মল্লবৰুৱা, চন্দ্রমোহন পাটোৱাৰীৰ লগতে দলৰ কেইবাগৰাকীও শীর্ষ নেতাই ন্যায় সমদলত যোগ দিয়ে।