January 2, 2026 12:35 PM | Jubin garag

printer

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি দিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি নতুন দিনৰ আলাপ শীর্ষক এটা অনুষ্ঠানত সাংবাদিকৰ আগত এই কথা প্রকাশ কৰি কয়, যে ২০২৫ বৰ্ষত জুবিনৰ দৰে মহান শিল্পী এগৰাকীক হেৰুওৱাটো জাতিৰ বাবে দুর্ভাগ্যৰ বিষয়। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষীয়ে তিনি মাহৰ ভিতৰত সমগ্ৰ ঘটনাৰ তদন্ত কৰি আদালতত অভিযোগনামা দাখিল কৰাটো নিশ্চিতভাবে এটা উল্লেখযোগ্য বিষয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যাতে নির্দিষ্ট সময়ৰ ভিতৰত লাভ কৰিব পৰা যায় তাৰ বাবে চৰকাৰে অহা ১২ জানুৱাৰীৰ পৰা এজন বিশেষ চৰকাৰী অধিবক্তা নিয়োগ কৰিব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে ইয়াৰ বাবে গুৱাহাটীৰ কেইবাগৰাকী জ্যেষ্ঠ অধিবক্তাৰ সৈতে আলোচনা কৰা হৈছে আৰু অহা ৬ জানুৱাৰীৰ ভিতৰত বিশেষ চৰকাৰী অধিবক্তাজনৰ নাম ঘোষণা কৰা হ’ব।চৰকাৰী অধিবক্তা নিযুক্তিৰ পাছতে চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰৰ বাবে এখন বিশেষ আদালত গঠন কৰিবলৈ আবেদন জনাব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

গুৱাহাটীৰ ভাৰতীয় প্রযুক্তি বিদ্যা প্রতিষ্ঠানৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসক কেন্দ্ৰীয় চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সম-উপাচার্য হিচাপে নিযুক্তি দিছে। বিগত তিনিমাহ ধৰি বিশ্ববিদ্যালয়খনত উপাচার্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতিও গঠন কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ উপ-সচিব জয়ফুল জেদ খাৱজাবলে স্বাক্ষৰ কৰা দুটা নির্দেশনাত এই সিদ্ধান্তৰ বিষয়ে প্রকাশ কৰা হয়। ১৯৯৩ চনৰ তেজপুৰ বিশ্ববিদ্যালয় আইনৰ ৯ নম্বৰ দফাৰ অধীনত গঠন কৰা তদন্ত সমিতিখনৰ অধ্যক্ষ হিচাপে মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য এন লোকেন্দ্র সিঙক নিয়োগ কৰা হৈছে। শ্রী সিঙৰ লগতে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য জগদীশ কুমাৰ পাটর্টনায়ক আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ সচিব মণিষ আৰ যোশীক সমিতিত সদস্য হিচাপে অন্তর্ভুক্ত কৰা হৈছে। তদন্ত সম্পূর্ণ নোহোৱালৈকে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিতর্কিত উপাচাৰ্যগৰাকীক ছুটীত যাবলৈ কোৱা হৈছে।