ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা প্রবাসী অসমীয়াসকলৰ ৭ গৰাকীয়ে এই পর্যন্ত অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলৰ আগত ভাষ্য দিছে। আজি অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন নামৰ ব্যক্তি দুগৰাকী উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈ ভাষ্য প্রদান কৰে। আৰক্ষী বিষয়াই দুয়োকে বহু সময় ধৰি সোধা-পোছা কৰে। ইয়াৰ আগেয়ে কালি চাৰিগৰাকী প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰিক্ষিত শৰ্মা, সিদ্ধার্থ বৰা আৰু জিঅ‘লাংছাত নাৰ্জাৰী নামৰ লোক তিনিজনক এছ আই টিয়ে সোধা-পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰোৱা হয়। বিয়লি প্রবাসী অসমীয়া ভাস্কৰজ্যোতি দত্তই এছ আই টিৰ কাৰ্যালয়ত উপস্থিত হৈ ভাষ্য দিয়ে। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা ১১ গৰাকী প্রবাসী অসমীয়ালৈ আৰক্ষীয়ে চমন জাৰি কৰিছিল। এই চমন মানি কিছুদিন পূর্বে ৰূপকমল কলিতাই এছ আই টিৰ সন্মুখত হাজিৰ হৈ ভাষ্য দিছিল। ছিংগাপুৰ আৰক্ষীয়ে এই ঘটনা সন্দর্ভত তদন্ত চলাই আছে আৰু তেওঁলোকে বিচৰা তথ্য অসম আৰক্ষীয়ে যোগান ধৰিছে বুলি এছ আই টিৰ মুৰববী মুন্না প্রসাদ গুপ্তাই প্রকাশ কৰে। ইপিনে, নতুন দিল্লীৰ কেন্দ্রীয় ফৰেনছিক গবেষণাগাৰে প্ৰেৰণ কৰা জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদনে তদন্তক নতুন গতি দিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে।
ছিংগাপুৰৰ ঘটনাস্থলীৰ জুবিন গাৰ্গৰ অন্তিম সময়ৰ সম্পূৰ্ণ ভিডিঅ‘ এছ আই টিয়ে উদ্ধাৰ কৰিবলৈ সমর্থ হৈছে। জুবিন গাৰ্গৰ সহগায়িকা তথা অভিযুক্ত কাৰাবন্দী অমৃত প্রভা মহন্তই নিজৰ মোবাইলত আবদ্ধ কৰা এই ভিডিঅ‘ মচি পেলোৱাৰ পাছত অসম আৰক্ষীৰ তথ্য প্রযুক্তি বিশেষজ্ঞই এই ভিডিঅ সমূহ উদ্ধাৰ কৰিবলৈ সমর্থ হয়।