জনতাৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠিত ন্যায়াধীশ সৌমিত্র শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে আজি দ্বিতীয় দিনা দুগৰাকী ব্যক্তিৰ লিখিত তথ্য গ্ৰহণ কৰে। গুৱাহাটীৰ চানমাৰিৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ চৌহদত এই আয়োগৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। প্রাক্তন কংগ্রেছ নেতা দুলু আহমেদ আৰু ব্যৱসায়ী তথা চলচ্চিত্র প্রযোজক লুইত কুমাৰ বৰ্মনে আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত লিখিত তথ্য শপতনামা ৰূপত আয়োগক প্রদান কৰে। উল্লেখযোগ্য যে প্রাক্তন কংগ্রেছ নেতা দুলু আহমেদে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিংগাপুৰলৈ গৈ এজাহাৰ দাখিল কৰিছিল।
উল্লেখযোগ্য যে এই আয়োগে অহা ২১ নৱেম্বৰলৈ দিনৰ চাৰে ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ এই সাক্ষ্য গ্রহণ কৰিব। অৱশ্যে কালি প্রথমদিনা আয়োগৰ সন্মুখত কোনো লোকে সাক্ষ্য প্রদান নকৰিলে। আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চাৰিটা মূল বিষয়ৰ তদন্ত কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৮ ডিচেম্বৰতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা দাখিল কৰা হ‘ব বুলি প্রকাশ কৰিছে।
ইপিনে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ২৫ টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়লৈ পদযাত্রা উলিওৱা হয়। এই কার্যসূচীত সদৌ মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সম্মিলন, আই এম ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্র সন্থাকে ধৰি জনগোষ্ঠীয় সংগঠনসমূহৰ প্রতিনিধিয়ে অংশ লয়। শিৱসাগৰত আজি আয়োজিত এখন সংবাদমেলত বিধায়ক অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ চৰকাৰ আৰু তদন্তকাৰী সংস্থাসমূহৰ ভূমিকাত অসন্তুষ্টি প্রকাশ কৰে।