ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তকাৰী গোটে আজি প্রয়াত শিল্পীগৰাকীৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছতে বিশেষ তদন্তকাৰী গোটে দুয়োগৰাকীকে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত দেহৰক্ষীদ্বয়ত ৫ দিনৰ বাবে তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বেংক একাউণ্টৰ যোগেদি বিগত বছৰত কোটি টকাৰ লেন-দেন হোৱাটো ধৰা পৰিছিল। সেই সন্দৰ্ভত তদন্তকাৰী গোটটোৱে কেইবাদিনো ধৰি কৰা সোধা পোচাৰ অন্তত আজি দুয়োকে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে নন্দেশ্বৰ বৰা ২০১৮ বৰ্ষৰ পৰা জুবিন গাৰ্গৰ দেহৰক্ষী হিচাপে আছিল। আনহাতে, পৰেশ বৈশ্যক ২০২৩ চনত জুবিন গাৰ্গৰ দেহৰক্ষী হিচাপে নিযুক্তি দিয়া হৈছিল। দুয়োগৰাকী দেহৰক্ষীকে গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীয়ে নিলম্বন কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।