ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্রক্রিয়া অব্যাহত আছে। ১৯ ছেপ্তেম্বৰত ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্রবাসী অসমীয়া ৰূপকমল কলিতা আজি উলুবাৰীস্থিত চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। আৰক্ষীয়ে তেওঁক প্রায় ছঘণ্টা ধৰি সোধা-পোচা কৰাৰ অন্তত যাবলৈ দিয়ে। উল্লেখযোগ্য যে এই গোচৰ সন্দৰ্ভত এছ আই টিয়ে ছিংগাপুৰত থকা ৮জন প্রবাসী অসমীয়াক ৬ অক্টোবৰত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছিল। এইসকলৰ ভিতৰত কেবল ৰূপকমল কলিতাহে আজি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। ইপিনে, চৰকাৰীভাবে নিয়োজিত জুবিন গাৰ্গৰ দুজন ব্যক্তিগত সুৰক্ষা বিষয়া পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আজি নিলম্বন কৰা হৈছে। দুয়োৰে একাউণ্টৰ জৰিয়তে কোটি টকা লেন-দেনৰ তথ্য চি আই ডিয়ে লাভ কৰিছে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গার্গে আজি পুনৰ সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে তেওঁ এই ঘটনাৰ আঁৰৰ সত্য জানিব বিচাৰে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰ দাবী কৰে।

জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে ক্ষীপ্র তদন্ত কামনা কৰে বুলি কোৱাৰ লগতে জনসাধাৰণক এই ঘটনাৰ ন্যায় বিচাৰি নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সঠিক দিশত তদন্ত অব্যাহত ৰাখিছে বুলি উল্লেখ কৰাৰ লগতে ইয়াক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে। ইপিনে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি তথা দলৰ সাংসদ গৌৰৱ গগৈয়ে এই তদন্ত প্রক্রিয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰে। সাংবাদিকৰ আগত তেওঁ এইদৰে কয়

ইপিনে, এই গোচৰ সংক্রান্তত এছ আই টিয়ে কালি জুবিন গাৰ্গৰ ষ্টুডিঅৰ কেয়াৰ টেকাৰ অভিমন্যু তাঁতী, ব্যক্তিগত সহায়ক সাধন নাথ, ঋতু প্রয়াগ গাৰ্গ, প্ৰাৰ্থনা বৰাকে ধৰি আন কেইবাগৰাকীৰো ভাষ্য গ্রহণ কৰে। এছ. আই. টিয়ে ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰো কালি ভাষ্য গ্ৰহণ কৰে। ঘটনাৰ সৈতে প্রত্যক্ষভাবে জড়িত থকা লোকৰ লগতে বিগত এমাহৰ পৰা দুমাহ ধৰি জুবিন গার্গে যিসকল লোকৰ সৈতে যোগাযোগত আছিল সেইসকল লোকৰো এছ. আই. টিয়ে ভাষ্য গ্রহণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।