ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰিছে। এখন অধিসূচনা যোগে কালি নিশা ৰাজ্য চৰকাৰে এই বিষয়ে সদৰি কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি অৱগত কৰি তদন্ত আয়োগ গঠনৰ সিদ্ধান্ত সামাজিক মাধ্যমযোগে জানিবলৈ দিছিল। তেওঁ এই সন্দৰ্ভত জনতাৰ শিল্পীগৰাকীৰ মৃত্যু ৰহস্য ভেদ কৰিবৰ বাবে উচ্চ ন্যায়ালয়ত কৰ্মৰত এগৰাকী ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰিবলৈ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল বুলি অৱগত কৰিছিল। এই পত্ৰৰ প্ৰতি সঁহাৰি জনাই মুখ্য ন্যায়াধীশে সৌমিত্র শইকীয়াৰ নেতৃত্বত আয়োগ গঠনৰ অনুমতি প্রদান কৰে।
আনহাতে, জি এম চি এইচত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি আদালতত দাখিল কৰাৰ লগতে গৰিমা গাৰ্গৰ হাতত অর্পণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম যোগে সদৰী কৰে। তেওঁ কয়, যে ইতিমধ্যে ছিংগাপুৰৰ পৰা প্ৰেৰণ কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰা হৈছে।
ইপিনে, ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা শেখৰ জ্যোতি গোস্বামী, অমৃতপ্রভা মহন্তৰ লগতে মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক বিশেষ তদন্তকাৰী গোটে সোধাপোছা অব্যাহত ৰাখিছে। ইয়াৰ লগতে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগে সাগৰলৈ যোৱা আছাম এছ’চিয়েছনৰ ১১ জন সদস্যক অহা ৬ অক্টোবৰৰ ভিতৰত হাজিৰ হ’বলৈ বিশেষ তদন্তকাৰী গোটে জাননী জাৰি কৰিছে। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ পৰা জব্দ কৰা শিল্পীগৰাকীৰ মোবাইল ফোনকে ধৰি কেতবোৰ সামগ্ৰী চিনাক্তকৰণৰ বাবে পত্নী গৰিমা শইকীয়া গাৰ্গ কালি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয়। ইয়াৰ পাছতে তেওঁ আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ সামগ্ৰীসমূহ চিনাক্ত কৰে। তেওঁ আদালতত কালি এই সন্দর্ভত ভাষ্য লিপিবদ্ধ কৰে। কালি শিল্পীগৰাকীৰ দেহৰক্ষী আৰু ঘটনাস্থলীত উপস্থিত থকা অসম আৰক্ষী বিষয়া সন্দিপন গাৰ্গকো জেৰা কৰা হয়।