সংগীতৰ অনন্য সুৰেৰে অগণিতজনৰ হৃদয় জয় কৰা জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকত ম্রিয়মান হৈ আছে। তেওঁৰ বিয়োগত দেশৰ বিভিন্ন প্ৰান্তত অনুৰাগীসকলে শ্রদ্ধা নিবেদন কৰিছে। ডিব্ৰুগড়ৰ ড° লীলা গগৈ উৰণ সেতুৰ সমীপত কালি জাতীয় ঐক্য পৰিষদ অসমে মহান শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। আমোলাপট্টি পাঁচআলি সংযোগী প্ৰস্তাৱিত উৰণ সেতুখনৰ নাম জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰাৰ বাবে সৰ্বসন্মতিক্রমে প্ৰস্তাৱ গ্ৰহণ কৰি পৰিষদে চৰকাৰক দাবী জনায়। চহৰখনৰ বিভিন্ন ঠাইত আজি পুৱাও জনতাৰ শিল্পীগৰাকীৰ প্রতি অসংখ্য লোকে শ্রদ্ধা জনায় ৷
শিলচৰতো কালি অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্রদ্ধা জনাই হাজাৰ হাজাৰ বন্তি প্ৰজ্বলন কৰে। শ্ৰীভূমি জিলাৰ বদৰপুৰ বজাৰ সমিতিৰ উদ্যোগত কালি সংগীত শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
তিনিচুকীয়া জিলাৰ মাকুমত কালি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই এটা সমদল উলিওৱা হয়। দৰং জিলা সাহিত্য সভা, মঙলদৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী, মঙলদৈ মহাবিদ্যালয়কে ধৰি দৰং জিলাৰ বিভিন্ন স্থানত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই সমূহীয়া প্ৰাৰ্থনা সভা, ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠান আদিৰ আয়োজন কৰা হয়।
হোজাই জিলাৰ লংকাৰ তিনিআলি, শ্বিলং ৰোড, ২ নম্বৰ ৰে’লগেট, বামুনগাঁও, কাকী আদিত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই গছপুলি ৰোপণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে। নগাঁও বিশ্ববিদ্যালয়ৰ সমীপৰ চাৰিআলিত কালি সন্ধিয়া জুবিন গাৰ্গৰ অনুগামীসকলে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।
মুম্বাইত ভালেসংখ্যক শিল্পীয়ে কালি জুবিনক গানেৰে শ্ৰদ্ধা জনায়। কলকাতাতো অসংখ্য শিল্পীয়ে তেওঁক শ্রদ্ধা নিবেদন কৰিছে। মহিলা ক্রিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত জুবিন গাৰ্গৰ মৃত্যুত শ্রদ্ধা জনাই ৪০ মিনিটৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলি বি চি চি আইৰ সচিব দেৱজিত লন শইকীয়াই জনাইছে।