এনডিএ চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিজেপিৰ ৰাজ্যিক আৰু জিলা মুখ্য কাৰ্যালয়সমূহত সংবাদমেল

বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিজেপিয়ে সমগ্র দেশতে ইয়াৰ ৰাজ্যিক আৰু জিলা মুখ্য কাৰ্যালয়সমূহত কালি সংবাদমেলৰ আয়োজন কৰে। বিজেপিৰ সভাপতি জে পি নাড্ডাই নতুন দিল্লীত এখন সংবাদমেলত ভাগ লৈ বিগত ১১ বছৰত চৰকাৰৰ সাফল্যত আলোকপাত কৰে। এই সংবাদমেলসমূহত নৰেন্দ্ৰ মোদী চৰকাৰৰ নীতি, কেন্দ্ৰীভূত সেৱা, সুশাসন আৰু জনসাধাৰণৰ কল্যাণকামী পদক্ষেপসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। সংবাদমেলত লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতৰ নতুন প্রচেষ্টা, দেশৰ অৰ্থনৈতিক বিকাশ, দুৰ্নীতি বিৰোধী প্ৰচেষ্টা আৰু ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়াৰ দৰে পদক্ষেপসমূহৰ বিষয়েও আলোচনা কৰা হয় ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।