ভাৰত আৰু চীনৰ সম্পর্ক ক্ৰমাৎ ইতিবাচক দিশত আগবাঢ়িছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ উপস্থিতিত বেইজিঙত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰে। শ্ৰীজয়শংকৰে কয়, যে দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক কৰাৰ ক্ষেত্ৰত বিগত ৯ মাহত যথেষ্ট অগ্রগতি লাভ কৰিছে। তেওঁ কয় যে সীমান্তৰ উত্তেজনা হ্ৰাস কৰি শান্তি স্থাপন কৰাৰ ফলতেই দুয়োদেশৰ সম্পৰ্কই এই অগ্রগতি লাভ কৰিছে। ড° জয়শংকৰে পাৰস্পৰিক কৌশলগত বুজাবুজি আৰু দ্বিপাক্ষিক সম্পৰ্কৰ উন্নীতকৰণৰ ক্ষেত্ৰত এই অগ্ৰগতিত গুৰুত্ব প্ৰদান কৰে। চুবুৰীয়া আৰু প্ৰধান গোলকীয় অৰ্থনীতিৰ দেশ হিচাপে ভাৰত আৰু চীনৰ সম্পৰ্কত ড° জয়শংকৰে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সুস্থিৰ আৰু গঠনমূলক সম্পৰ্কই দুয়োখন দেশকে লাভান্বিত কৰিব। পাৰস্পৰিক সন্মান, স্বাৰ্থ আৰু সংবেদনশীলতাৰ আধাৰত এই সম্পর্কই শীৰ্ষ পৰ্যায় লাভ কৰিব বুলিও মন্ত্ৰী ড° জয়শংকৰে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে দুয়োখন দেশে দুয়োখন দেশৰ পাৰ্থক্যবোৰক মতবিৰোধৰ শাৰীলৈ পর্যবাসিত নকৰাৰ বাবে সন্মত হৈছে আৰু সংঘৰ্ষ সৃষ্টিৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিযোগিতা নকৰি সম্পৰ্কৰ ধাৰাবাহিকতা ৰক্ষাত গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে ভাৰত আৰু চীনৰ মাজৰ কূটনৈতিক সম্পর্কই চলিত বৰ্ষত ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। বিগত ৫ বছৰৰ বিৰতিৰ পাছত এইবেলি পুনৰ কৈলাশ মান সৰোবৰ যাত্ৰা সম্পন্ন হৈছে আৰু এইক্ষেত্ৰত চীনে সহযোগিতা আগবঢ়োৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে দেশখনক ধন্যবাদ জ্ঞাপন কৰে।
Site Admin | July 14, 2025 8:36 PM | DR. S. joysankar | S
ভাৰত আৰু চীনৰ সম্পর্ক ক্ৰমাৎ ইতিবাচক দিশত আগবাঢ়িছে বুলি ড° এছ জয়শংকৰৰ প্ৰকাশ
