বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কয়, যে ভাৰত ইউৰোপীয় সংঘৰ শক্তিশালী সম্পর্কই যোগান শৃংখলাত সহযোগিতা কৰি বিশ্ব অর্থনীতিক সংকটমুক্ত কৰি তুলিব আৰু সৱল বাণিজ্য, গতিশীলতা আৰু নিৰাপত্তাৰ আংশীদাৰিত্বৰ জৰিয়তে বিশ্ব অর্থনীতিত সুস্থিৰতা প্রদান কৰিব। নতুন দিল্লীত ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূতসকলৰ সৈতে মত বিনিময় কৰি ড০ জয়শংকৰে অস্থিৰতা আৰু অনিশ্চয়তাক নতুন স্বাভাবিক বিষয় হিচাপে লৈ বিশ্বৰ বৰ্তমানৰ স্থিতি বিষয়ত আলোচনা কৰে। সামাজিক মাধ্যমযোগে প্ৰেৰণ কৰা এটা বাৰ্তাত তেওঁ কয়, যে ভাৰত আৰু ইউৰোপীয় সংঘৰ সম্পৰ্ক সুদৃঢ় কৰাৰ পক্ষে তেওঁ সবল যুক্তি আগবঢ়াই যিয়ে পাইৰেচী বিৰোধী অভিযান, উন্নয়নমূলক প্রকল্প ইত্যাদিৰ দৰে ৰাজহুৱা সামগ্রী বিতৰণ কৰি আন্তঃৰাষ্ট্ৰীয় সমাজক আস্বস্ত প্ৰদান কৰিব। গণৰাজ্য দিৱস উদযাপনৰ বাবে ইউৰোপীয় পৰিষদৰ সভাপতি এন্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰচুলা ভা’ন ডেৰ লেয়ানৰ ভাৰত ভ্ৰমণৰ বাবে আগ্রহী বুলিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Site Admin | January 22, 2026 8:30 PM | Dr s. joysanakr
নতুন দিল্লীত ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূতসকলৰ সৈতে ড০ জয়শংকৰৰ মত বিনিময়