January 21, 2025 7:03 PM | jorhat workshop

printer

যোৰহাটত ‘উৎপাদনশীলতা বৃদ্ধি আৰু উত্তৰ-পূব ভাৰতত ভূমি অৱক্ষয় ৰোধৰ বাবে বহনক্ষম ভূমি ব্যৱস্থাপনা’ শীৰ্ষক প্রশিক্ষণ-কর্মশালা

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে উৎপাদনশীলতা বৃদ্ধি আৰু উত্তৰ-পূব ভাৰতত ভূমি অৱক্ষয় ৰোধ কৰাৰ বাবে বহনক্ষম ভূমি ব্যৱস্থাপনা শীৰ্ষক এটা আঞ্চলিক পৰ্যায়ৰ প্রশিক্ষণ তথা কর্মশালা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনৰ ডেৰাডুনত অৱস্থিত বহনক্ষম ভূমি ব্যৱস্থাপনা উৎকৃষ্টতা কেন্দ্ৰৰ অৰ্থসাহায্যত অনুষ্ঠিত এই কৰ্মশালাখন কেন্দ্ৰটোৰ সঞ্চালক ড° বিনয় কুমাৰে দূৰসংযোগ পদ্ধতিৰে উদ্বোধন কৰে। ভাষণ প্ৰসংগত সঞ্চালকগৰাকীয়ে সুন্দৰ ভৱিষ্যতৰ বাবে ভূমিৰ অৱক্ষয় ৰোধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, বিজ্ঞানী, কৃষি আৰু উদ্যান শস্য উন্নয়ন বিষয়া, সংশ্লিষ্ট ক্ষেত্র বিশেষজ্ঞ আৰু ক্ষেত্ৰ বিষয়াসকলক লৈ মুঠ ২০ গৰাকী অংশগ্ৰহণকাৰীয়ে কৰ্মশালাখনত অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।