যোৰহাটৰ টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে আজি যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে যোৰহাট জিলাৰ টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীত স্থানীয় ছাত্র-ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে এখন সভা অনুষ্ঠিত কৰা হয়। সভাত প্ৰতিষ্ঠানখনৰ জ্যেষ্ঠ বিজ্ঞানীসকলে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টিমূলক ব্যক্তব্য আগবঢ়ায়। আনহাতে যোৰহাট পৰিৱেশ মঞ্চয়ো আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰে। ইফালে এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ উদ্যোগত আজি ব্যতিক্রমী কাৰ্যসূচী অনুষ্ঠিত হয়। মহানগৰীৰ দীপৰ বিলত অনুষ্ঠিত এই কাৰ্যসূচীত মুকাভিনয়ৰে জৈৱ বৈচিত্ৰ্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে উপস্থাপন কৰা হয়। অনুষ্ঠানত খণ্ড বন বিষয়া ধনেশ্বৰ দলৈ, সমাজকৰ্মী প্ৰমোদ কলিতাৰ লগতে শিক্ষানুষ্ঠানখনৰ সৈতে জড়িত ব্যক্তিসকল উপস্থিত থাকে।