যোৰহাটৰ বানপ্ৰভাৱিত অঞ্চলত আজি ধৰিত্ৰী মহিলা সংগঠনৰ উদ্যোগত ছাত্র-ছাত্রীক লেখন সামগ্রী বিতৰণ কৰা হয়। এই অনুসৰি যোৰহাট জিলাৰ বাৰপাইক গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কাগজ, কলম, অভিধান, সাধাৰণ জ্ঞানৰ কিতাপ ইত্যাদি বিতৰণ কৰা হয়। সমাজকৰ্মী জগন্নাথ অগ্নি বৰাৰ পদক্ষেপত বানাক্ৰান্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ বাবে সংগঠনটোৱে এই পদক্ষেপ গ্ৰহণ কৰে। এই অনুষ্ঠানত কেইবাগৰাকী সমাজকৰ্মী, বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।
Site Admin | August 24, 2024 8:58 PM | jorhat student
যোৰহাটৰ বানপ্ৰভাৱিত অঞ্চলৰ ছাত্র-ছাত্রীক ধৰিত্ৰী মহিলা সংগঠনৰ লেখন সামগ্রী বিতৰণ
