যোৰহাটত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। জিলাখনৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনথলী অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ উঠিছে। আজি পুৱা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ কৰা হৈছে। পৰহিলৈ হ’বলগীয়া মুকলি সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। এই অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱসকলেও অংশ লৈছে। আজি নামঘৰৰ তোৰণ উন্মোচন, মূল সমিতিৰ কাৰ্যনিৰ্বাহক, প্রতিনিধি শিবিৰৰ তোৰণ উন্মোচন আৰু গ্ৰন্থমেলা মুকলি কৰা হ’ব। দিনৰ ভাগত মূল কার্যনির্বাহক সভা অনুষ্ঠিত হ’ব। পৰহিলৈ পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই পতাকা উত্তোলন কৰিব। এই পতাকা উত্তোলনস্থলীত কাছ আকৃতিৰ বেদী নিৰ্মাণ কৰা হৈছে। বেদীটোৰ চৌপাশত প্রতীকীভাৱে ৫৪ খন পতাকা উত্তোলন কৰা হ’ব। তদুপৰি ৯৪ সংখ্যক অধিৱেশনৰ সৈতে সংগতি ৰাখি ৯৪টা খোল আৰু ৯৪ যোৰ তাল লৈ গায়ন-বায়নসকলে মাংগলিক ধ্বনি কৰিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাগৱত শোভাযাত্ৰা আৰু ধর্মালোচনা সভাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
Site Admin | February 6, 2025 12:29 PM | jorhat sankar sangha meeting
যোৰহাটত আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন
