যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক যোৰহাট সাহিত্য উৎসৱৰ সামৰণি

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত শনিবাৰৰ পৰা অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক যোৰহাট সাহিত্য উৎসৱৰ কালি সামৰণি পৰে। কালি সামৰণি অনুষ্ঠানত বিশিষ্ট ঔপন্যাসিক অৰূপা পতংগীয়া কলিতাই সাহিত্য আৰু জীৱন বিষয়ত ভাষণ দিয়ে। নিজৰ ভাষণত তেওঁ নীৰৱে আৰু গভীৰভাৱে সাহিত্যই সমাজ সলনি কৰে বুলি মন্তব্য কৰে। মানুহৰ মাজৰ পৰা উঠি অহা সাহিত্যই সমাজ সলনি কৰে বুলিও তেওঁ মন্তব্য কৰে। বক্তৃতানুষ্ঠানটো উদ্বোধন কৰি যোৰহাটৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে মানৱ সভ্যতাৰ উত্তৰণ বিজ্ঞান আৰু প্ৰযুক্তিৰ সমানেই সাহিত্যৰো অৰিহণা আছে বুলি মন্তব্য কৰে। কালিৰ অনুষ্ঠানত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট লেখিকা ড° অঞ্জনা চলিহাক যোৰহাট প্ৰজ্ঞাৰত্ন সন্মান, ২০২৫ প্ৰদান কৰা হয়। একেদৰে শিৱসাগৰৰ নামতিৰ ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, জনগোষ্ঠীয় ভাষাৰ গৱেষক ড° মৌচুমী ৰেখা খাউণ্ড আৰু মঙলদৈ নিবাসী শিক্ষয়িত্রী, ঔপন্যাসিক, অনুবাদক কলচুম বিবিক যোৰহাট সাহিত্য বঁটা আগবঢ়োৱা হয়। এই অনুষ্ঠানতে ঔপন্যাসিক জ্যোতি ৰঞ্জন শ‍ইকীয়াক সম্ভাৱনা বঁটা, ২০২৫ প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে কালি পুৱাৰ ভাগত ‘নতুন লেখকৰ সমস্যা আৰু নিৰাময়ৰ উপায়’ শীর্ষক এটা ব্যতিক্রমী অনুষ্ঠান আৰু দিনৰ ভাগত বিপুল ৰেগনৰ সোঁৱৰণত কবিতাৰ পঠন আৰু পৰ্যালোচনা শীৰ্ষক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।