ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

যোৰহাটত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় ভৱন মুকলি

যোৰহাট জিলাত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় ভৱন কালি মুকলি কৰা হয়। ৰাজ্যৰ কবিসকলক এখন উমৈহতীয়া মঞ্চৰ জৰিয়তে কাব্য চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে আৰম্ভ হোৱা সন্মিলনৰ ৩৭ বছৰৰ পিছত এই স্থায়ী ঠিকনা লাভ কৰিবলৈ সক্ষম হৈছে। কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ড০ কুটুবুদ্দিন আহমেদৰ সোঁৱৰণত নিৰ্মাণ কৰা ভৱনটো সন্মিলনৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আনন্দ দত্ত, সভাপতি বংশী বৰা আৰু ভৱনটোৰ দাতা এলিজা বেগমে উদ্বোধন কৰে। কালিৰ অনুষ্ঠানত ভৱনটোৰ লগতে কবি ৰাম গগৈ, ড০ কুটুবুদ্দিন আহমেদ আৰু আনন্দ দত্তৰ আবক্ষ মূৰ্তি উন্মোচন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।