যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত আজি বিভাগৰ সভাকক্ষত জিলাখনৰ জলজীৱন মিছনৰ সৈতে জড়িত লোকসকলৰ জল আড্ডা শীৰ্ষক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। এই জল আড্ডাত জলজীৱন মিছনৰ সফল ৰূপায়ণ, জল সংকট দূৰীকৰণ আৰু পানীৰ অপব্যৱহাৰ ৰোধ সন্দৰ্ভত মত বিনিময় কৰা হয়। এই জল আড্ডাত জিলাখনৰ ৭ খন বিদ্যালয়ৰ প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্রহণ কৰে।
Site Admin | February 13, 2025 7:07 PM | jorhat jal adda
যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগত ‘জল আড্ডা’ শীৰ্ষক মত বিনিময় অনুষ্ঠান