ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 29, 2024 12:23 PM | jorhat dc meeting

printer

যোৰহাট আৱৰ্ত ভৱনত জিলা আয়ুক্তৰ অধ্যক্ষতাত ধান ক্রয় সন্দৰ্ভত বৈঠক

যোৰহাট আৱৰ্ত ভৱনত জিলা আয়ুক্তৰ অধ্যক্ষতাত তিতাবৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত খাদ্য আৰু অসামৰিক যোগান বিভাগ, কৃষি বিভাগ, মিলাৰ্ছ আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে ধান ক্রয় সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে ২০২৪- ২৫ বৰ্ষত খাৰিফ মার্কেটিং চিজনত ৫০০০ মেট্রিকটন ধান ক্রয়ৰ লক্ষ্যত উপনীত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মিলাৰ্ছ আৰু খাদ্য, অসামৰিক যোগান তথা কৃষি বিভাগক এই প্ৰচেষ্টাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তদুপৰি জিলা আয়ুক্তগৰাকীয়ে কৃষকসকলৰ উৎপাদিত সামগ্ৰী উচিত মূল্য নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰতি কুইণ্টল ধানত ন্যূনতম সমর্থন মূল্যতকৈ কম দামত যাতে বিক্ৰী নকৰে সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।