যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ৰ একাদশ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰ ঘোষণা

যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা লোকসকলক স্বীকৃতি আৰু উৎসাহ দিয়াৰ উদ্দেশ্যে একাদশ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰসমূহ ঘোষণা কৰিছে। এইবাৰ দধী মহন্ত সোঁৱৰণী সমাজ বিজ্ঞান ৰাষ্ট্ৰীয় বঁটা দিল্লী বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক ড° বিজয়ালক্ষ্মী সিঙলৈ আগবঢ়োৱা হৈছে। আনহাতে হৰিজন বন্ধু মামা কৃষ্ণনাথ শৰ্মা ৰাষ্ট্ৰীয় গৱেষণা বঁটা, শ্বিলঙৰ উত্তৰ-পূব পার্বত্য বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ প্ৰাধ্যাপক ড° অমৰেন্দ্ৰ ঠাকুৰলৈ আগবঢ়োৱা হৈছে। এই বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত গান্ধী দৰ্শনৰ বিষয়ে এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰিছে।