যোৰহাট দৃষ্টিহীন বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে যোৱা ৩ আৰু ৪ জানুৱাৰীত দৃষ্টিবাধাগ্ৰস্তসকলৰ শিক্ষা পদ্ধতিৰ উদ্ভাৱক লুই ব্ৰেইলৰ জন্মদিন উদযাপন কৰা হয়। লুই ব্ৰেইল উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত অঞ্চলটোৰ বিভিন্ন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানত আয়োজকসকলে এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্রেইল ৰাইটিং, কুইজ প্রতিযোগিতা, কবিতা আবৃত্তি, দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
Site Admin | January 6, 2025 12:21 PM | jorhat brail day
যোৰহাট দৃষ্টিহীন বিদ্যালয়ত লুই ব্ৰেইলৰ জন্মদিন উদযাপন
