October 2, 2024 8:19 PM | Jorhat Barsh Aryna

printer

যোৰহাটৰ বৰ্ষাৰণ্য প্রতিষ্ঠানৰ স্বচ্ছতাই সেৱা অভিযানৰ সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য প্রতিষ্ঠানে দুসপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজন কৰা স্বচ্ছতাই সেৱা অভিযানৰ আজি সামৰণি পৰে। প্ৰতিষ্ঠানটোৰ সঞ্চালক ডº নীতিন কুলকানীয়ে আজি জাতিৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি অর্পণ কৰে। জনস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত অনাময় ব্যৱস্থাই লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা তেওঁ উল্লেখ কৰে আৰু চাফাই কৰ্মীসকলক স্বচ্ছতাই সেৱা অভিযানৰ মেৰুদণ্ড আখ্যা দি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত চাফাই মিত্ৰসকলক প্রতিষ্ঠানটোৰ সঞ্চালক, গৱেষণা সমন্বয়ক আৰু বিভাগীয় মুৰববীসকলে ফুলাম গামোচাৰে সন্মান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।