ডাউনলোড
মোবাইল এপ

android apple
signal

September 9, 2025 7:22 PM | Jorhat

printer

চিনামৰাত চি আই এছ এফৰ উদ্যোগত চাইবাৰ সুৰক্ষাৰ সামৰ্থ্যবৰ্দ্ধন সন্দৰ্ভত কাৰ্যসূচী

যোৰহাট জিলাৰ তিতাবৰৰ চিনামৰাত চি আই এছ এফৰ উদ্যোগত চাইবাৰ সুৰক্ষাৰ সামৰ্থ্যবৰ্দ্ধন সন্দৰ্ভত এটা কাৰ্যসূচী আজি অনুষ্ঠিত হয়। এই অনুষ্ঠানত চি আই এছ এফৰ কমেও ৭০গৰাকী জোৱানে মত বিনিময় কালত চাইবাৰ সুৰক্ষা সম্পৰ্কে অৱগত কৰে। তেওঁলোকে জনসাধাৰণক চাইবাৰ অপৰাধীৰ কবলত নপৰাকৈ কিদৰে নিজৰ কাম-কাজসমূহ কৰিব পাৰি এই বিষয়ে পৰামৰ্শ দিয়ে।