তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত কেন্দ্ৰীয় চৰকাৰৰ ধৰিত্ৰী বিজ্ঞান মন্ত্ৰালয়ৰ অধীনৰ বতৰ বিজ্ঞান বিভাগৰ এক্স বেণ্ড ৱেডাৰ ৰাডাৰ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ মিছন মৌচমৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা এই অত্যাধুনিক কৃষি বতৰ বিজ্ঞান ৰাডাৰ কেন্দ্ৰটো অহা এপ্ৰিলৰ ভিতৰত কাৰ্যক্ষম কৰি তোলাৰ প্ৰয়াস কৰা হ’ব। অহা ছমাহৰ ভিতৰত গোসাইগাঁও, তেজপুৰ আৰু শিলচৰতো এনে ধৰণৰ তিনিটা ৰাডাৰ কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰটোৱে জানিবলৈ দিয়ে।
মন্ত্ৰীগৰাকীয়ে কালি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৃষি আৰু আনুষংগিক খণ্ডত বতৰ আৰু জলবায়ু ভিত্তিক সিদ্ধান্তৰ বাবে অগ্ৰণী প্ৰযুক্তি কৌশল শীর্ষক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমহন্তই কৃষি ক্ষেত্ৰত বতৰ বিজ্ঞানৰ ভূমিকা আৰু শেহতীয়া তথ্য প্ৰযুক্তিৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে দেশে যথোচিত মাত্ৰাত খাদ্য উৎপাদনৰ বাবে সঠিকভাৱে বতৰৰ ৰেহৰূপ নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয়। এই অনুষ্ঠানতে কৃষি বতৰ বিজ্ঞান ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বতৰ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক তথা বিজ্ঞানী ড০ কমলাকান্ত নাথ, ড০ ৰফিউল হুছেইন আৰু ড০ পূন্য গগৈ খনিকৰক সন্মান জনোৱা হয়। সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ কৃষি বিজ্ঞানী, বতৰ বিজ্ঞানী, জলবায়ু বিশেষজ্ঞ, প্রযুক্তিবিদ, গৱেষক তথা ছাত্র-ছাত্রীসকলে অংশগ্রহণ কৰিছে।