October 9, 2025 8:50 PM | jorhat aau

printer

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰৰ এগ্রিকালচাৰেল মাইক্ৰ’অৰ্গেনিজিম মেন্যুফেকচাৰাৰ্ছ এণ্ড ফার্মাৰ্ছ এছোচিয়েচন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হৈছে। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উত্তৰ প্ৰদেশৰ এন বি এ আই এমৰ সঞ্চালক ড০ আলোক কে শ্রীবাস্তৱে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সন্মিলনৰ সমন্বয়ক ধানেশ্বৰ ৱাক্‌চুৱে নিজৰ ভাষণত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ পৰিৱৰ্তে জৈৱিক কীটনাশকৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিভিন্ন শাখাৰ সন্মানসমূহ আগবঢ়োৱা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ বিদ্যুৎ চন্দন ডেকাক এই অনুষ্ঠানতে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক গৱেষক বিজ্ঞানী আৰু শিক্ষার্থীয়ে গৱেষণা-পত্র পাঠ কৰে।