ডাউনলোড
মোবাইল এপ

android apple
signal

September 18, 2025 8:20 PM | assam meghalaya taxi

printer

যোৰাবাটত অসম-মেঘালয়ৰ টেক্সি চালক সন্থাৰ প্ৰতিবাদ

অসম আৰু মেঘালয়ৰ টেক্সি চালক সন্থাই যোৰাবাটত কৰা প্ৰতিবাদৰ ফলত আজি বহু সময় ধৰি চুবুৰীয়া ৰাজ্য দুখনৰ পৰ্যটকসকল অসুবিধাৰ সন্মুখীন হয়। মেঘালয়ৰ টেক্সি চালক সন্থাই পূৰ্বে অসমৰ পৰা পৰ্যটক লৈ যোৱা বাহনসমূহ ৰাজ্যখনত প্ৰৱেশত বাধা দিয়াৰ উপৰি মেঘালয় ভ্ৰমণ কৰিবলৈ ৰাজ্যখনৰ বাহনহে ব্যৱহাৰ কৰিব লাগিব বুলি দাবী তুলিছিল। এই কাৰ্যৰ প্ৰতিবাদ হিচাপে আজি অসমৰ টেক্সি চালক সন্থাই মেঘালয়ৰ পৰা যাত্ৰী কৰিয়াই অনা ৰাজ্যখনৰ বাহনসমূহ অসমত প্ৰৱেশত বাধা দিয়াক লৈ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। দুয়ো ৰাজ্যৰ আৰক্ষী প্ৰশাসন আৰু পৰিবহণ বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই সন্দৰ্ভত মেঘালয়ৰ মুখ্য সচিবে বিষয়টো নিষ্পত্তি কৰিবলৈ অসমৰ মুখ্য সচিবৰ পৰা দুদিনৰ সময় বিচাৰিছে বুলি পৰিবহণ আয়ুক্ত গৌতম দাসে প্ৰকাশ কৰে ৷