জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়াকৈ জোনবিল মেলা; মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জোনবিল মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত তিৱা ৰাজ্যৰ বুৰঞ্জী শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পাৰিষদসকল, গোভা দেওৰজা আৰু জিলাখনৰ আয়ুক্তসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ আগতে আজি পুৱা পতাকা উত্তোলনেৰে গোভা ৰজা দীপসিং দেওৰজাই মেলাৰ শুভাৰম্ভ কৰে। বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত অনুষ্ঠিত এই মেলাৰ আজি প্ৰথম দিনাই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা জনজাতীয় ভাই-ভনীসকলে তেওঁলোকৰ কৃষিজাত সামগ্ৰী পৰম্পৰাগত প্ৰথাৰে ভৈয়ামৰ উৎপাদিত সামগ্ৰীৰ সৈতে বিনিময় কৰে। জনজাতীয় পোছাক পৰিহিত ডেকা-গাভৰুসকলে জোনবিলৰ পাৰত গীত-নৃত্য পৰিৱেশন কৰি সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। জোনবিলৰ পাৰত কুকুৰা যুঁজ আৰু সমূহীয়া মাছ ধৰা পৰ্বও সম্পন্ন হয়। তিনিদিনীয়া এই মেলাৰ পৰৱৰ্তী দুটা দিনতো পৰম্পৰাগত খেল-ধেমালি আৰু বিভিন্ন নৃত্য-গীতৰ কাৰ্যসূচী তথা সুস্বাদু খাদ্য মেলা অনুষ্ঠিত হ’ব। গোভা দেওৰজাৰ অৰম বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়াবৰ্গই প্রতীকী ৰূপত কৰ সংগ্ৰহৰ পাছত শনিবাৰে বিয়লি তিনিদিনীয়া এই মেলাৰ সামৰণি পৰিব৷