ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 4, 2024 12:27 PM | J&K

printer

জম্মু-কাশ্মীৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচনৰ বাবে আজি বিশেষ বৈঠক

জম্মু-কাশ্মীৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰাৰ বাবে আজি বিশেষ বৈঠক অনুষ্ঠিত হ’ব। ইতিমধ্যে পদটোৰ বাবে নেচনেল কনফাৰেন্স দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী আব্দুল ৰহিম ৰাথেড়ৰ নাম প্ৰস্তাৱ কৰা হৈছে। বিধানসভা সচিবালয়ে প্রকাশ কৰা অনুসৰি এই বৈঠক দিনৰ চাৰে ১০ বজাত আৰম্ভ হ’ব। অধ্যক্ষ নিৰ্বাচনৰ বিষয়টো কাৰ্যসূচীৰ আৰম্ভণিতে ৰখা হৈছে বুলিও সচিবালয়ে সদৰী কৰে। জম্মু-কাশ্মীৰৰ ৯০ জনীয়া বিধানসভাত নেচনেল কনফাৰেন্স দলৰ ৪১ গৰাকীৰ লগতে কংগ্ৰেছ মিত্ৰজোঁটৰ ৬ গৰাকী আৰু চি পি আই এমৰ এগৰাকী বিধায়ক থকাৰ পৰিপ্ৰেক্ষিতত নতুন অধ্যক্ষ নিৰ্বাচনৰ বিষয়টো সহজ হ’ব বুলি অনুমান কৰা হৈছে। নেচনেল কনফাৰেন্স দলে ২৯ খন আসনেৰে বিধানসভাত দ্বিতীয় সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপি দললৈ উপাধ্যক্ষৰ আসন আগবঢ়াইছে। অৱশ্যে বিজেপিৰ এগৰাকী বিধায়কৰ মৃত্যু ঘটিছে। বিজেপিয়ে উপাধ্যক্ষ আসনৰ বাবে নৰেন্দৰ সিঙক নির্বাচন কৰিছে। অধ্যক্ষ নিৰ্বাচনৰ পাছত উপ-ৰাজ্যপাল মনোজ সিনহাই দিনৰ চাৰে ১১ বজাত বিধানসভা কক্ষত ভাষণ প্ৰদান কৰিব।