জম্মু-কাশ্মীৰ বিধানসভাত আজি পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ নিন্দা প্ৰস্তাৱ গৃহীত হয়। এই প্ৰস্তাৱত সন্ত্রাসবাদী আক্রমণক জঘন্য, বৰ্বৰ, অমানৱীয় আৰু কাপুৰুষৰ কাৰ্য বুলি ব্যাখ্যা কৰা হয়। বিধানসভাত প্রায় ৩ ঘণ্টাজোৰা দীঘলীয়া আলোচনাৰ অন্তত এই প্ৰস্তাৱ সৰ্বসন্মতিক্রমে গৃহীত হয়। প্ৰস্তাৱটোত উল্লেখ কৰা অনুসৰি এনে ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যই কাশ্মীৰী জনসাধাৰণৰ প্ৰবৃত্তি, সংবিধানৰ প্ৰমূল্য আৰু একতা, শান্তি আৰু সদ্ভাবৰ ভাৱনাক পোনপটীয়াকৈ আঘাত কৰে। বিধানসভাই এই আক্ৰমণৰ ভুক্তভোগীসকলৰ সৈতে আছে বুলি প্ৰকাশ কৰে আৰু নিহতসকলৰ নিকটআত্মীয়ৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। বিধানসভাই লগতে পৰ্যটকসকলৰ জীৱন বচাবলৈ গৈ মৃত্যুক আঁকোৱালি লোৱা ছৈয়দ আদিল হুছেইনৰ সাহসিকতাৰ প্ৰশংসা কৰে আৰু জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ সহযোগিতাৰ শলাগ লয়। তদুপৰি বিধাসভাই এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কুটনৈতিক পদক্ষেপসমূহৰ প্রতিও সমর্থন আগবঢ়ায়। জম্মু-কাশ্মীৰ বিধানসভাৰ বিৰোধী পক্ষৰ নেতা সুনীল শৰ্মাই এই আক্ৰমণৰ ভুক্তভোগীসকলৰ সৈতে আছে বুলি প্ৰকাশ কৰে । তেওঁ কয়, যে পাকিস্তানে সন্ত্ৰাসবাদীৰ মাধ্যমেৰে নিজৰ স্থিতি বাহাল ৰাখিব বিচাৰিছে কিন্তু কাশ্মীৰৰ জনসাধাৰণে একত্রিতভাৱে থিয় দি কোনো চক্রান্তই তেওঁলোকক বিভাজিত কৰিব নোৱাৰে বুলি সমগ্র বিশ্বলৈ বাৰ্তা প্ৰেৰণ কৰিলে। আজিৰ আলোচনাত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, উপ-মুখ্যমন্ত্ৰী সুৰিন্দৰ চৌধুৰী, পিপলছ কনফাৰেন্সৰ নেতা চাজাদ গনি ল’ন, কংগ্ৰেছ নেতা গোলাম আহমেদ মীৰ, চিপিআইএমৰ নেতা এম ৱাই তাৰিগামি, পিডিপিৰ নেতা ৱাহিদ-উৰ-ৰেহমান-পাৰৰাকে ধৰি অন্যান্য নেতাসকলে অংশগ্ৰহণ কৰে।
Site Admin | April 28, 2025 9:20 PM | J&K Assembly passes resolution condemning terrorist attack in Pahalgam
জম্মু-কাশ্মীৰ বিধানসভাত পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ নিন্দা প্ৰস্তাৱ গৃহীত
