ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 28, 2025 12:42 PM | J&K

printer

কেবিনেটৰ অনুৰোধমৰ্মে জম্মু-কাশ্মীৰত আজি বিধানসভাৰ বিশেষ সত্ৰ অনুষ্ঠিত

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই কেবিনেটৰ অনুৰোধমৰ্মে আজি বিধানসভাৰ বিশেষ সত্ৰ অনুষ্ঠিত কৰিব। মন্ত্রীসভাই পেহেলগাম সন্ত্রাসবাদ আক্ৰমণৰ ঘটনাৰ আলোচনা কৰাৰ উদ্দেশ্যে এই বিশেষ সত্ৰ অনুষ্ঠিত কৰিবলৈ অনুৰোধ কৰিছিল। বিধানসভাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব। ইয়াৰ পাছতে সন্ত্ৰাসবাদী আক্ৰমণৰ বিভিন্ন আনুষংগিক বিষয়সমূহ ওপৰত আলোচনা কৰা হ’ব আৰু এই ঘটনাক তীব্ৰ গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব ।

যোৱা ২৩ এপ্ৰিলত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুলাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত মন্ত্রীসভাই পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পাছত আজি বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে পৰামৰ্শ দিছিল। আজি পুৱা চাৰে ১০ বজাত এই বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব। ৰাজনৈতিক দলসমূহে এই সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে।