ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 29, 2024 6:09 PM | J&K

printer

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত আজি জম্মুৰ আখনুৰ চেক্টৰৰ বনাঞ্চলত লুকাই থকা দুজন সন্ত্ৰাসবাদীৰ পুনৰ মৃত্যু হয়। ফলস্বৰূপে নিয়ন্ত্ৰণ ৰেখাৰ সমীপত দীর্ঘ সময়ধৰি সংঘটিত গুলীচালনাত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা তিনিজনলৈ বৃদ্ধি হয়। আমাৰ সংবাদদাতাই জনাইছে যে উগ্রপন্থীসকলে কালি সেনাবাহিনীৰ কনভয়ৰ এম্বুলেন্সত আক্ৰমণ কৰিছিল। তিনিগৰাকী নিহত সন্ত্ৰাসবাদীৰ ভিতৰত এগৰাকী কালিৰ অভিযানত নিহত হৈছিল। আন দুজন সন্ত্রাসবাদী আজি আখনুৰ চেক্টৰৰ বাট্টাল-খৌৰ অঞ্চলত সেনা আৰু আৰক্ষী দলৰ যুটীয়া অভিযানত নিহত হয়। এনকাউণ্টাৰ শেষ হৈছে যদিও নিহত সন্ত্রাসবাদীসকলৰ মৃতদেহ উদ্ধাৰৰ বাবে অভিযান অব্যাহত চলি আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।