October 21, 2024 11:40 AM | J&K

printer

কাশ্মীৰৰ বাৰামুল্লা জিলাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত এটা সশস্ত্র সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ বাৰামুল্লা জিলাৰ উড়ি অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত এটা সশস্ত্র সন্ত্রাসবাদী নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত জম্মু-কাশ্মীৰৰ আৰক্ষী তথা ভাৰতীয় সেনাৰ যুটীয়া বাহিনীয়ে চলোৱা অনুপ্রবেশ বিৰোধী অভিযানত সন্ত্ৰাসবাদী কেইটামানৰ সন্দেহজনক চালচলন ধৰা পৰে। পাছত সন্ত্ৰাসবাদীকেইটাই মুকলিকৈ গুলীচালনা কৰাত নিৰাপত্তা বাহিনীয়ে চলোৱা প্ৰতি আক্ৰমণত এটা সন্ত্রাসবাদী নিহত হয়। মৃত সন্ত্ৰাসবাদীটোৰ পৰিচয় নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। নিৰাপত্তাবাহিনীয়ে ঘটনাস্থলীৰ পৰা এটা এ কে ৰাইফল, দুটা এ কে মেগজিন, ৫৭ এ কে ৰাউণ্ড, দুটা পিষ্টল, ৩টা পিষ্টলৰ মেগজিনকে ধৰি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।