ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 9, 2024 5:42 PM | J&K

printer

সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাত দুটা উগ্রপন্থী নিহত

জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত আজি পুৱা সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুটা উগ্রপন্থী নিহত হয়। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে ৰাজৌৰী জিলাৰ নাউচেৰাৰ লাম ছেক্টৰত কালি নিশা গুলীয়াগুলি আৰম্ভ হয়। উল্লেখযোগ্য যে আন্ধাৰৰ সুবিধা লৈ উগ্ৰপন্থী কেইটাই অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলাই থকা আছিল। সেনা বাহিনীৰ লোকসকলে উগ্ৰপন্থীকেইটাৰ গতিবিধি লক্ষ্য কৰি গুলীয়াবলৈ আৰম্ভ কৰে। ইফালে কান্‌চি অভিযানৰ সময়ছোৱাত যথেষ্ঠ সংখ্যক অস্ত্ৰ-শস্ত্র জব্দ কৰা হৈছে বুলি সেনা বাহিনীৰ তৰফৰ পৰা জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।